Daily Time Axom

ইজৰাইল-পেলেষ্টাইন যুদ্ধ, কেইঘণ্টামানৰ ভিতৰতে দুশৰো অধিক লোকৰ মৃত্যু

0 45

ইউক্ৰেইন-ৰাছিয়া সংঘাতৰ মাজতে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত পুনৰ আৰম্ভ হ’ল আটাইতকৈ ডাঙৰ যুদ্ধখন।

এই বিবাদ দীৰ্ঘদিনীয়া। পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছে শনিবাৰে পুৱা মাত্ৰ ২০ মিনিটৰ ভিতৰতে গাজাৰ পৰা ইজৰাইললৈ ৫ হাজাৰ ৰকেট নিক্ষেপ কৰে। ফলত ইজৰাইলে বিয়লি সমগ্ৰ দেশতে যুদ্ধৰ অৱস্থা ঘোষণা কৰে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি হামাছ বাহিনীৰ আক্ৰমণত এতিয়ালৈকে ৭০ জন ইজৰাইলী লোকে প্ৰাণ হেৰুৱাইছে। আহত হৈছে কমেও ৫০০ লোক। পৰিস্থিতি অধিক জটিল হৈ পৰিছে। মৃত্যুদল বাঢ়িব পাৰে। আনহাতে, ইজৰাইলৰ বিমান আক্ৰমণত গাজা ষ্ট্ৰিপত অধিক লোক নিহত আৰু আহত হৈছে বুলি জনা যায়। পেলেষ্টাইনৰ মতে গাজাত এতিয়ালৈকে ১৯৮ জন লোকৰ মৃত্যু হৈছে। হাজাৰৰো অধিক আহত হৈছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ে অচিৰেই উচ্চ পদস্থ সামৰিক বিষয়া আৰু প্ৰশাসনৰ বিষয়াৰ সৈতে সাক্ষাৎ কৰি সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব বুলি ঘোষণা কৰিছে। এই যুদ্ধত ইজৰাইল জয়ী হ’ব বুলিও খবৰ পোৱা গৈছে।

Leave A Reply

Your email address will not be published.