Daily Time Axom

ছিকিমৰ হৰপা বানত মৃত্যুৰ সংখ্যা ৫৬লৈ বৃদ্ধি, এতিয়াও নিৰুদ্দেশ হোৱা শ শ লোক

0 26

ভয়ংকৰ হৰপা বানত বিছিন্ন হৈ পৰিছে ছিকিম।

মৃত্যুৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি। ইয়াৰে ২৬ টা মৃতদেহ ছিকিমত উদ্ধাৰ কৰা হৈছে। আনহাতে, বংগৰ তীস্তা নদীৰ পাৰৰ পৰা উদ্ধাৰ হৈছে আৰু ৩০টা মৃতদেহ।

ৰাজ্য চৰকাৰে শিলিগুৰি, জলপাইগুৰি আৰু কুচবিহাৰ জিলাৰ তীস্তা মালভূমিৰ পৰা উদ্ধাৰ কৰে মৃতদেহকেইটা।

ছিকিম চৰকাৰে জানিবলৈ দিয়া মতে, মংগনৰ পৰা ৪টা, গংটকৰ পৰা ৬টা আৰু পাকয়ঙৰ পৰা ১৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত ৭ জন জোৱানৰ মৃতদেহ।

এতিয়াও সন্ধানহীন হৈ আছে ১৪২ জন লোক। এই দুৰ্যোগৰ ফলত ২৫ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় ৭ হাজাৰ লোকে ২২টা অস্থায়ী শিবিৰত বসতি স্থাপন কৰিছে। প্ৰচণ্ড বৰষুণত ডুব গৈছিল কমেও ১২০০ ঘৰ, ১৩খন দলং, বহু পথ। উত্তৰ ছিকিমত এতিয়াও আবদ্ধ হৈ আছে ৩০০০ পৰ্যটক।

Leave A Reply

Your email address will not be published.