Daily Time Axom

‘হামাছৰ ঘাটি ধ্বংস হ’ব…’, বোমা বিস্ফোৰণৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱৰ সকীয়নি

0 34

শনিবাৰে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধ সংঘটিত হয়। এই ভয়ংকৰ যুদ্ধত ইজৰাইল বহুত ক্ষতিগ্ৰস্ত হৈছে। বহু লোকৰ মৃত্যুৰ খবৰ পোৱাৰ লগতে বহু লোকক লক্ষ্য কৰি লোৱা হৈছে। এই যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে হামাছৰ সন্ত্ৰাসবাদীক সকীয়াই দিছে যে আমি তোমালোকৰ সকলো ঘাটি ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিম।

ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে দেওবাৰে টুইট কৰে যে আমি এই যুদ্ধত জয়ী হম,আমাৰ সকলোৰে বাবে এইটো এটা অতি কঠিন সময়।”

নেতানিয়াহুৱে তেওঁৰ টুইটত আৰু কয় যে আমি হামাছৰ সকলো ঠাই ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিম, মই গাজাৰ বাসিন্দাসকলক ক’ব বিচাৰো যে সেই ঠাইখন এৰি যাওক কাৰণ আমি সকলোতে বৃহৎ পৰিসৰত ব্যৱস্থা গ্ৰহণ কৰিম।”

নেতানিয়াহুৱে কয়, “হামাছে আমাৰ সকলোকে হত্যা কৰিব বিচাৰে। ই এনে এটা শত্ৰু যিয়ে শিশু আৰু মাতৃক তেওঁলোকৰ ঘৰত, তেওঁলোকৰ বিচনাত হত্যা কৰে। এনে শত্ৰু যিয়ে বৃদ্ধ, শিশু, ছোৱালীক অপহৰণ কৰে। এনে হত্যাকাৰী যিয়ে আমাৰ নাগৰিক, আমাৰ সন্তানক হত্যা কৰে।আমাৰ ল’ৰা-ছোৱালীক চৰ মাৰি হত্যা কৰে। আনকি ছুটী কটাবলৈ ওলাই যোৱা সকলকো।”

তেওঁ কয় যে শনিবাৰে ইজৰাইলত যিটো ঘটিল, তেওঁ নিশ্চিত কৰিব যে সেয়া পুনৰ নহয়। তেওঁ লগতে কয় যে আজি যি হ’ল সেয়া ইজৰাইলত আগতে দেখা পোৱা নাই আৰু মই নিশ্চিত কৰিম যে এইটো পুনৰ নহয় আৰু এই সিদ্ধান্তত সমগ্ৰ চৰকাৰ আমাৰ সৈতে থিয় দিব।’ ” ,

Leave A Reply

Your email address will not be published.