কিং খানলৈ আহিছে হত্যাৰ ভাবুকি

বলীউডৰ অভিনেতা শ্বাহৰুখ খানক Y+ নিৰাপত্তা দিয়া হৈছে।শ্বাহৰুখ খানলৈ প্ৰাণনাশৰ ভাবুকিৰ পাছতেই Y+ শ্ৰেণীৰ নিৰাপত্তা দিয়া হ’ল বলীউড বাদশ্বাহ খ্যাত অভিনেতা শ্বাহৰুখ খানক। ‘পাঠান’, ‘জৱান’ৰ সফলতাৰ পিছত ফোনযোগে ভাবুকি আহিছিল অভিনেতাগৰাকীলৈ।মহাৰাষ্ট্ৰৰ ৰাজ্য চৰকাৰক লিখিতভাৱে অভিযোগ দিয়াৰ পাছতেই উন্নীত কৰা হৈছে নিৰাপত্তা ।এতিয়াৰে পৰা শ্বাহৰুখ খানৰ লগত থাকিব ৬জন পুলিচ কমাণ্ডো। সশস্ত্ৰ দেহৰক্ষীসকল মহাৰাষ্ট্ৰ আৰক্ষীৰ বিশেষ সুৰক্ষা গোটৰ হ’ব। বিশেষভাৱে প্ৰশিক্ষিত পুলিচ কামাণ্ডোৰ এই দলটোৱে সকলো সময়তে ভাৰতৰ সকলো ঠাইতে কিং খানক নিৰাপত্তা প্ৰদান কৰিব।জানিব পৰা মতে , কিং খানক দিয়া নিৰাপত্তাক্ষীৰ লগত MP-5 মেচিনগান থকাৰ লগতে AK 47 ৰাইফল আৰু গ্লক পিষ্টল থাকিব। তেওঁৰ বাসগৃহতো সকলো সময়তে ৪ জন আৰক্ষী থাকিব বুলি খবৰ লাভ কৰা গৈছে।

AssamAssamese NewsbollywoodDaily time axomGuwahatiIndiaWorld
Comments (0)
Add Comment