নেপোটিজম শব্দটো অৰ্থহীনঃ ছানী দেওল

এটা সাক্ষাৎকাৰত ছানীয়ে কয় যে তেওঁ কেতিয়াবা নেপোটিজমৰ অৰ্থ বুজি পোৱা নাই। মানুহে নেপোটিজমৰ কথা বহুত কয়। কিন্তু তেওঁ ইয়াৰ অৰ্থ বুজি নাপায়। কাৰণ বলীউডেই হওক বা আন যিকোনো ক্ষেত্ৰই হওক, প্ৰতিজন পিতৃয়ে নিজৰ সন্তানৰ জীৱনটো কেনেকৈ আৰামদায়ক আৰু সফল কৰি তুলিব পাৰি সেই বিষয়ে চিন্তা কৰে। অভিনেতাগৰাকীৰ মতে এই বিষয়টোক নেপটিজিম বুলি ব্ৰেণ্ড কৰা হৈছে। তেওঁৰ মতে সফলতাৰ অভাৱত বহুতেই হতাশ হৈ পৰিছে। সেই হতাশা প্ৰকাশৰ বাবে নেপোটিজম শব্দটো ব্যৱহাৰ কৰা হৈছে। অভিনেতাজনৰ মতে, ‘নেপটিজিম অৰ্থহীন’।

বলীউডত ‘গদাৰ ২’ৰ গৰ্জনকাৰী ব্যৱসায়। ইমান বছৰৰ মূৰত কামবেক কৰি অভিলেখ গঢ়িছে ছানীয়ে। অনাগত দিনত তেওঁক পুনৰ আমিৰ খানৰ প্ৰডাকচনত অভিনেতা হিচাপে দেখা যাব।

AssamDaily time axomGuwahatiInternationalWorld
Comments (0)
Add Comment