ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশুসহ কেইবাজনো লোকৰ

উত্তৰাখণ্ডৰ নাইনিতাল জিলাৰ কালাধুংগী অঞ্চলত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে নিশা এখন পৰ্যটক কঢ়িওৱা বাছ এটা দ খাৱৈত বাগৰি পৰাত পাঁচগৰাকী মহিলা, এটি শিশুসহ নিহত হয় কমেও ৭ গৰাকী যাত্ৰী। আনহাতে দুৰ্ঘটনাত আহত হয় ১৮ গৰাকী যাত্ৰী।

প্ৰাথমিক অনুসন্ধান অনুসৰি, নাইনিতালৰ পৰা হাৰিয়ানাৰ হিছাৰ জিলালৈ ওভতি অহা পথত দুৰ্ঘটনাগ্ৰস্ত হয় বাছখন। পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

AssambollywoodDaily time axomIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment