Daily Time Axom

ছিকিমৰ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৭০লৈ বৃদ্ধি, পৰিস্থিতি স্বাভাৱিক কৰাৰ চেষ্টা সেনাৰ

0 43

ভয়ানক পৰিস্থিতি।

বৰষুণ, বিলৰ ফাট, হৰপা বানত লণ্ডভণ্ড ছিকিম। দিনক দিনে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। ছিকিমৰ হৰপা বানত ৯ জন জোৱানসহ ৭০ জনৰো অধিক লোকৰ মৃত্যুৰ সংখ্যা। ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, এছ এছ ডি এম এৰ তথ্য অনুসৰি এতিয়াও শ শ লোক সন্ধানহীন হৈ আছে। এই পৰ্যন্ত ২ হাজাৰ ৫৬৩ জন লোকক উদ্ধাৰ কৰা হৈছে। ২৮টা সাহায্য শিবিৰত আশ্ৰয় লৈছে ৬৮০০ৰো অধিক লোক। এই দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ডেৰ হাজাৰ লোক। ভাৰতীয় সেনাৰ তথ্য অনুসৰি পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে সেনাই প্ৰচেষ্টা অব্যাহত ৰাখিছে। ক্ষতিগ্ৰস্ত গাঁওসমূহক পুনৰ সংযোগ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। ৬৩জন বিদেশীকে ধৰি প্ৰায় ২০০০ পৰ্যটকক নিৰাপদে স্থানান্তৰ কৰা হৈছে। খাদ্য, ঔষধ, ফোন আৰু যোগাযোগৰ সহায়ত যোগান ধৰা হৈছে। এটা হেল্পলাইন স্থাপন কৰা হৈছে, যাৰ জৰিয়তে পৰ্যটকে পৰিয়ালৰ সদস্যসকলৰ মাজত নিজৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰিব। সোমবাৰৰ পৰা আৰম্ভ হৈছে বিমানযোগে পৰ্যটকক স্থানান্তৰ কৰা কাম।

Leave A Reply

Your email address will not be published.