Daily Time Axom

ফ্ৰীজৰ কম্প্ৰেছাৰ বিস্ফোৰণত একেটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু

0 46

ফ্ৰীজৰ কম্প্ৰেছাৰ ফাটি যোৱাৰ ফলত এক ভয়ংকৰ দুৰ্ঘটনা।

এই বিস্ফোৰণত একেটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু হয়।

পঞ্জাৱৰ জলন্ধৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। দেওবাৰে নিশা এক প্ৰচণ্ড শব্দ শুনি বাসিন্দাসকলে অৱতাৰ নগৰ অঞ্চললৈ ততাতৈয়াকৈ আহে। জনা যায় যে তাত থকা এটা ঘৰত ফ্ৰীজৰ কম্প্ৰেছাৰ বিস্ফোৰণ ঘটিছিল। তেতিয়া গোটেই ঘৰটোত জুই লাগে।

লগে লগে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীক খবৰ দিয়া হয়। সেই পৰিস্থিতিত স্থানীয় ৰাইজে পৰিয়ালৰ লোকক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়লৈ নিয়াৰ পিছত আটাইকেইজনৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে এহাল দম্পতী আৰু তেওঁলোকৰ তিনিটা সন্তান।

আৰক্ষীৰ মতে, ইতিমধ্যে ফৰেনছিক দলটোৱে সেই স্থানত উপস্থিত হৈ নমুনা সংগ্ৰহ কৰিছে। দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত আছে।

Leave A Reply

Your email address will not be published.