নিউজ ডেস্ক, ৯ অক্টোবৰঃ ৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। সংবাদমেলযোগে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন।
মিজোৰামত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৭ নৱেম্বৰত।ৰাজস্থানত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ২৩ নৱেম্বৰত।তেলেংগনা ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৩০ নৱেম্বৰত।মধ্যপ্ৰদেশত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ১৭ নৱেম্বৰত।চট্টীশগড়ত দুটা পৰ্যায়ত ৭ আৰু ১৭ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। আটাইকেইখন ৰাজ্যৰ ভোটগণনা হ’ব ৩ ডিচেম্বৰত।
ৰাজস্থানত ২০০খন আসন, চট্টীশগড়ত ৯০ খন আসন, তেলেংগনাত ১১৯ খন আসন, মিজোৰামত ৪০ খন আসন আৰু মধ্যপ্ৰদেশত ২৩০ খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন।