নিউজ ডেস্ক, ৯ অক্টোবৰঃ সোমবাৰে ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন। ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ। ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অন্ত পৰিব ৪ মাৰ্চত। নতুন শিক্ষানীতিৰ আধাৰত এইবাৰ HSLCৰ পৰীক্ষা অনুষ্ঠিত হ’ব।
১৬ ফেব্ৰুৱাৰীত ইংৰাজী, ২০ ফেব্ৰুৱাৰীত সমাজ বিজ্ঞান, ২১ ফেব্ৰুৱাৰীত ঐচ্ছিক অসমীয়া, ২৩ ফেব্ৰুৱাৰীত MIL, ২৬ ফেব্ৰুৱাৰীত সাধাৰণ বিজ্ঞান, ২৯ ফেব্ৰুৱাৰীত সাধাৰণ গণিত, ২ মাৰ্চত ঐচ্ছিক হিন্দী পৰীক্ষা অনুষ্ঠিত হ’ব। ৪ মাৰ্চত উচ্চ গণিত, ভূগোল, বুৰঞ্জী, সংস্কৃত, কম্পিউটাৰ বিজ্ঞান, বাণিজ্য, গাৰ্হস্থ্য বিজ্ঞান, আৰৱী, পাৰ্চী আৰু নেপালী বিষয়ত পৰীক্ষা হ’ব। ১৭ ফেব্ৰুৱাৰীত সংগীত, নৃত্য, উডক্ৰাফট, বেংগলী, মণিপুৰী আৰু চান্থালী বিষয়ৰ পৰীক্ষা হ’ব। লগতে ব্যৱহাৰিক পৰীক্ষাসমূহ ২ আৰু ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ’ব।
Comments are closed, but trackbacks and pingbacks are open.