সমগ্ৰ পৃথিৱীজুৰী ক’ভিড কালৰ বিভীষিকাময় পৰিস্থিতিৰ কথা পৃথিৱীৰ প্ৰায় অধিক সংখ্যক লোকে বৰ্তমানো পাহৰিব পৰা নাই। এনে এক জটিল পৰিস্থিতিৰ সময়তে দেশৰ লগতে অসমৰ একাংশ লোকে অসম চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় চিকিৎসালয় সমূত চাফাই কৰ্মী হিচাপে যোগদান কৰে। ক’ভিড কালত প্ৰথম শাৰীৰ যোদ্ধা হিচাপে পৰিগণিত হোৱা এই চাফাই কৰ্মী সকলে বৰ্তমান পৰ্যন্ত চৰকাৰৰ তৰফৰ পৰা কোনো যোগাত্মক সঁহাৰি লাভ নকৰাত তেওঁলোকৰ প্ৰাপ্যৰ দাবীত অলপতে অনশনৰ জড়িয়তে প্ৰতিবাদ কৰে। উক্ত অনশন কাৰ্যসূচী ভঙ্গ কৰায় বিশিষ্ট যুক্তিবাদী চিন্তাবিদ, আন্তৰ্জাতিক শান্তি বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। আজি বিয়লি পুনৰ চাফাই কৰ্মীৰ প্ৰতিনিধিৰ এটা দলে ডঃ দিব্যজ্যোতি শইকীয়াক সাক্ষাত কৰে। সাক্ষাৎকালত প্ৰতিনিধি দলৰ সদস্য সকলে তেওঁক তেওঁলোকৰ বিভিন্ন অসুবিধা সন্দৰ্ভত অৱগত কৰে। তেওঁলোকে কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি বাৰম্বাৰ তেওঁলোকৰ চাকৰি নিয়মীয়া কৰণ তথা স্থায়ীকৰনৰ প্ৰতিশ্ৰুতি বাৰে বাৰে ভঙ্গ কৰি আহিছে। সেয়ে বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই চৰকাৰক হেঁচা প্ৰয়োগ কৰি হলেও তেওঁলোকৰ সমস্যা সমূহ সমাধা কৰিবলৈ ডঃ শইকীয়াক অনুৰোধ জনায়।