মহানগৰীত পুনৰ জব্দ কোটি টকাৰ গাঞ্জা

নিউজ ডেস্ক, ১১ অক্টোবৰঃ গুৱাহাটীত কেইবা কোটি টকাৰ গাঞ্জা জব্দ। বশিষ্ঠ আৰু পল্টনবজাৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ প্ৰায় ১০০ কেজি গাঞ্জা।গাঞ্জাখিনিৰ মূল্য কোটি টকাৰ বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

ভাৰত পেট্ৰোলিয়ামৰ ইন্ধন কঢ়িওৱা তেলৰ টেংকাৰৰ গোপন চেম্বাৰত কঢ়িয়াই আনিছিল গাঞ্জাখিনি। NL 01 AH 0501 নম্বৰৰ টেংকাখনেৰে শিলচৰৰ পৰা বঙাইগাঁৱলৈ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে টেংকাৰখন জব্দ কৰে।টেংকাৰখনৰ চালকসহ হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আটকাধীন সৰবৰাহকাৰী দুজন কাচিম আলী, মুকুট আলী।

AssamAssamese NewsCannabisDaily time axomGuwahatiGuwahati PoliceIndiaSiezed
Comments (0)
Add Comment