নিউজ ডেস্ক, ১১ অক্টোবৰঃ মহানগৰীত জাল নোটসহ এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। জালুকবাৰীৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ সমীপৰ পৰা গ্ৰেপ্তাৰ এজনক।আটকাধীন লোকজন লখিমপুৰৰ মফিদুল ইছলাম । মফিদুলৰ পৰা নগদ ২,১৬,৫০০ টকাসহ এটা FICN প্রিণ্টিং মেচিন জব্দ কৰে আৰক্ষীয়ে।
ৰফিকুদ্দিন নামৰ লোকজনৰে সৈতে চলাইছিল জাল নোটৰ নিৰ্মাণৰ কাম। মফিদুলৰ স্বীকাৰোক্তিৰ ভিত্তিত মিৰ্জাত আৰক্ষীয়ে চলাইছিল অভিযান। অভিযানত জব্দ ৪৩৩খন ৫০০টকীয়া জাল নোট আৰু প্ৰিণ্টিং মেচিন।