Daily Time Axom

আৰক্ষী অধীক্ষক লীনা দলেসহ ১৭ আৰক্ষী বিষয়া উপস্থিত জনতা ভৱনত

48

নিউজ ডেস্ক, ১২ অক্টোবৰঃ অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী ব্লকত উপস্থিত লীনা দলে। আন কেইবাগৰাকী আৰক্ষীও উপস্থিত তদন্ত সমিতিৰ ওচৰত। আজি জনতা ভৱনত হাজিৰ লীনা দলেসহ ১৭জন আৰক্ষী বিষয়া। বটদ্ৰৱা থানা কাণ্ডক লৈ জেৰাৰ সন্মুখীন হৈছে লীনা দলে।

উল্লেখ্য যে, বটদ্ৰৱা থানাত আচামীৰ মৃত্যু সন্দৰ্ভত আটাইকেইগৰাকীক চলোৱা হ’ব জেৰা। আৰক্ষীৰ জিম্মাত মৃত্যুৰ পাছতেই থানা জ্বলাই দিছিল একাংশ লোকে। ছফিকুল ইছলাম নামৰ এজন লোকৰ মৃত্যু ঘটিছিল আৰক্ষীৰ জিম্মাত।

Comments are closed, but trackbacks and pingbacks are open.