ছলমান ৰুশদীয়ে কি লিখিছে নতুনকৈ

যোৱা বছৰৰ আগষ্ট মাহত তেওঁৰ ওপৰত কৰা আক্ৰমণৰ ভিডিঅ’ দেখি সমগ্ৰ বিশ্বই স্তম্ভিত হৈ পৰিছিল। ভাৰতীয় মূলৰ প্ৰবীণ সাহিত্যিক ছলমান ৰুছদিৰ ওপৰত আক্ৰমণ চলায় আক্ৰমণকাৰীয়ে। বিশ্ববিখ্যাত সাহিত্যিকগৰাকীক ছুৰীৰে আঘাত কৰা হৈছিল।তেওঁ ভেন্টিলেচনত আছিল। বিশ্ববিখ্যাত সাহিত্যিকগৰাকীয়ে এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলালে যদিও পিছত তেওঁক সুস্থ কৰি ডিচচাৰ্জ দিয়া হয়। নিজৰ বেদনাদায়ক স্মৃতিৰ কথা তেওঁ লিখিছে। যি অহা বছৰ প্ৰকাশ পাব। কিন্তু কিতাপখন প্ৰকাশৰ কথা ওলোৱাৰ লগে লগে হুলস্থুল লাগিছে।

২৫৬ পৃষ্ঠাৰ এই কিতাপখনৰ নাম হৈছে ‘নাইফ: মেডিটেচনছ আফটাৰ এ এটেম্পটেড মাৰ্ডাৰ’। ২০২৪ চনৰ ১৬ এপ্ৰিলত মুক্তি লাভ কৰিব।

AssamAssamese NewsDaily time axomIndiaNew Delhi
Comments (0)
Add Comment