ইজৰাইলৰ পৰা দিল্লী বিমান বন্দৰত সুকলমে উপস্থিত ২১২ গৰাকী ভাৰতীয় নাগৰিক

নিউজ ডেস্ক, ১৩ অক্টোবৰঃ যুদ্ধবিধ্বস্ত ইজৰাইলৰ পৰা উভতিল ২১২গৰাকী ভাৰতীয় নাগৰিক৷ অপাৰেশ্যন অজয়ৰ যোগেদি ঘূৰাই অনা হ’ল ভাৰতীয় নাগৰিকসকলক৷ কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতাত বৃহস্পতিবাৰে নিশা ইজৰাইলৰ বেন গুৰিয়ন বিমানবন্দৰৰ পৰা বিশেষ বিমানখনেৰে ইজৰাইলত আৱদ্ধ ভাৰতীয় লোকসকলক লৈ সুকলমে দিল্লী বিমান বন্দৰত উপস্থিত হৈছিল। শুকুৰবাৰে পুৱা দিল্লীৰ বিমানবন্দৰত উপস্থিত হোৱা ভাৰতীয়সকলক স্বদেশলৈ স্বাগতম জনালে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে।

জানিব পৰা মতে, ইজৰাইলত কৰ্মসূত্ৰে বা শিক্ষাৰ্থী প্ৰায় ১৮০০০ ভাৰতীয় লোক আছে।

Assamese NewsDaily time axomIndiaInternationalIsraelNew DelhiOperation Ajay