কৰিমগঞ্জৰ নয়াবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড,পত্নীৰ প্রহাৰত মৃত্যু এজন SSB জোৱানৰ

নিউজ ডেস্ক, ১৩ অক্টোবৰঃ কৰিমগঞ্জৰ নয়াবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড।পত্নীৰ প্ৰহাৰত অজয় নাথ নামৰ অৱসৰপ্ৰাপ্ত SSB জোৱানৰ মৃত্যু।অভিযোগ অনুসৰি পত্নীয়ে শিলেৰে মৰিয়াই হত্যা কৰে স্বামীক।

বৃহস্পতিবাৰে নিশাই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ স্থানীয় লোকৰ। শুকুৰবাৰে দিনৰ ভাগত হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীয়ে আটক কৰিছে পত্নী সুদীপা নাথক।

ArrestAssamAssamese NewsDaily time axomIndiaKarimganjMurder