Daily Time Axom

আজি মহালয়া,ধৰালৈ আগমন দেৱী দুৰ্গাৰ

38

নিউজ ডেস্ক, ১৪ অক্টোবৰঃ আজি মহালয়া। জনবিশ্বাস অনুসৰি, মহালয়াৰ দিনা পুৱা ধৰাৰ বুকুলৈ নামি আহে মা দুৰ্গা। বিশ্বাস কৰা হয় যে মহালয়াৰ দিনা পুৱা প্ৰাতঃভ্ৰমণ কৰিলে লাভ কৰা যায় মা দুৰ্গাৰ বিশেষ আৰ্শীবাদ। মাৰ আৰ্শীবাদ পাবৰ বাবেই পুৱাতে উঠি প্ৰাতঃভ্ৰমণ কৰে ভক্তসকলে।মহালয়াৰ দিনাই খনিকৰসকলে মা দুৰ্গাৰ চকুজুৰি তৈয়াৰ কৰে। লগতে মূৰ্তিৰ অন্তিম ৰূপ দিবলৈ আৰম্ভ কৰে।

হিন্দু পৌৰাণিক কাহিনী অনুসৰি, আজিৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে ৰাক্ষস মহিষাসুৰক পৰাস্ত কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল।

লগতে বিশ্বাস কৰা হয় যে আজিৰ দিনটোত দেৱী দুৰ্গাই তেওঁৰ সন্তান লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে নাও, হাতী বা ঘোঁৰাত কৈলাশৰ পৰা পৃথিৱীত থকা পিতৃগৃহলৈ যায়। ইয়াৰোপৰি বিশ্বাস কৰা হয় যে দহ দিনৰ ভিতৰত, দেৱী দুৰ্গাই পৃথিৱীৰ পৰা ৰাক্ষস আঁতৰাই তেওঁৰ ভক্তসকলক আশীৰ্বাদ দিছিল।

Comments are closed, but trackbacks and pingbacks are open.