নিউজ ডেস্ক, ১৬ অক্টোবৰঃ দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামত উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। পুৱা ১০ বজাত বিশেষ বিমানেৰে দিল্লীৰ পৰা আগৰতলাত উপস্থিত হয়।ইয়াৰ পিছতেই আগৰতলাৰ পৰা হেলিকপ্টাৰেৰে আইজলত উপস্থিত ৰাহুল গান্ধী।
আজি মিজোৰামৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাৰো সম্ভাৱনা কংগ্ৰেছ নেতাগৰাকীৰ।চানমাৰিৰ পৰা ৰাজভৱনলৈ পদযাত্ৰা কাৰ্যসূচীতো অংশ ল’ব ৰাহুল গান্ধীয়ে। আবেলি আইজলত শিক্ষাৰ্থীৰ সৈতে কৰিব মত বিনিময়।
দ্বিতীয় দিনা আইজল ক্লাবত দলীয় নেতাৰ সৈতে বৈঠকত বহিব সাংসদগৰাকীয়ে। ইয়াৰ পিছত লুংলেইল এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে, অহা ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব মিজোৰামৰ বিধানসভা নিৰ্বাচন।
Comments are closed, but trackbacks and pingbacks are open.