Daily Time Axom

নলবাৰীৰ আতচবাজী ফেক্টৰীত অগ্নিকাণ্ড, অগ্নিকাণ্ডত এজনৰ মৃত্যু

53

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ নলবাৰীৰ নিজ পকোৱাত অঘটন। এটা ফটকা ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।পকোৱাৰ হৰিহৰ বৈশ্যৰ ৫০-৫০ আতচবাজী নামৰ ফেক্টৰীত সংঘটিত হৈছে এই অগ্নিকাণ্ড। ফেক্টৰীটোত হোৱা অগ্নিকাণ্ডত এগৰাকী কৰ্মচাৰীৰ মৃত্যু। ফটকা প্ৰস্তুতৰ সময়তে লগা জুইত মৃত্যু ৰঙিয়াৰ শিৱম নামৰ যুৱকজন।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ফেক্টৰীৰ ভিতৰত কৰ্মৰত আছিল যুৱকজন । পিছত ফেক্টৰীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু হয় যুৱকজনৰ। ঘটনাস্থলীত উপস্থিত হয় নলবাৰী আৰক্ষী।আৰক্ষীৰ তৎপৰতাত মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

Comments are closed, but trackbacks and pingbacks are open.