গুৱাহাটীৰ অঞ্জন নাথ হত্যাকাণ্ডত ব্যৱহৃত পিষ্টল উদ্ধাৰৰ পিছত আজি উদ্ধাৰ হয় গীতাশ্ৰীৰ ম’বাইল ফোন। এছ ডি আৰ এফৰ অভিযানত উদ্ধাৰ হয় গীতাশ্ৰীৰ ম’বাইল ফোনটো। হত্যাকাণ্ডৰ পিছতে জু–ৰোডৰ মাণিক নগৰত ভৰলু নৈত দলিয়াই পেলাইছিল গীতাশ্ৰীৰ ম’বাইলটো। মঙলবাৰে পিষ্টল উদ্ধাৰ কৰা যুৱকজনেই আজিও এছ ডি আৰ এফৰ সহযোগত উদ্ধাৰ কৰে ম’বাইলটো।
এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গীতাশ্ৰী সিনহাই হত্যাকাৰী সৌৰভৰ সৈতে কথা পাতিছিল এই ম’বাইলটোৰে। এইটো আছিল দ্বিতীয়টো ম’বাইল। যিটো অঞ্জনে গম নোপোৱাকৈ ব্যৱহাৰ কৰিছিল গীতাশ্ৰীয়ে। হত্যাকাণ্ডৰ পিছত গীতাশ্ৰীৰ ভগ্নী নেহা সিনহাই ভৰলুত দলিয়াইছিল এই ম’বাইলটো।আনহাতে, নেহাই কোৱা অনুসৰি, সৌৰভৰ সৈতে প্ৰেমৰ নহয়, বন্ধুত্বৰ সম্পৰ্কহে থকা বুলি জানে পৰিয়ালে।
উল্লেখযোগ্য যে গুৱাহাটীৰ খানাপাৰাৰ কইনাধৰাত গুলীয়াই হত্যা কৰা হৈছিল অঞ্জন নাথ নামৰ যুৱকজনক। নিচেই ওচৰৰ পৰা গুলীচালনা কৰাৰ ফলত হাস্পতালত মৃত্যু হৈছিল অঞ্জনৰ। তাৰ পিছতে ঘটনাৰ তদন্তত নামি পৰিছিল আৰক্ষী। মঙলবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিছিল হত্যাকাণ্ডত ব্যৱহৃত পিষ্টলটো। পিষ্টল উদ্ধাৰৰ পিছত আজি উদ্ধাৰ হয় এই হত্যাকাণ্ডতে ব্যৱহাৰ হোৱা গীতাশ্ৰী সিনহাৰ ম’বাইল ফোনটো।