Daily Time Axom

আজি মুকলি হ’ব জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতু

37

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ আজি মুকলি হ’ব নৱনিৰ্মিত জু-ৰোডৰ উৰণসেতু। বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব সেতুখন। বিয়লি ৫.৩০ বজাত মুকলি কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।২.৩ কিলোমিটাৰ দৈৰ্ঘৰ এই উৰণ সেতুখন নিৰ্মাণত ব্যয় হৈছে ৩১৮ কোটি টকা।

পঞ্চমীৰ শুভ দিনটোতে মহানগৰবাসীৰ বাবে পূজাৰ উপহাৰ হিচাপে মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে। সেতুখনৰ বাবে আগন্তুক ২০ বছৰলৈ মহানগৰবাসীয়ে যান-জঁটৰ পৰা বহু পৰিমাণে সকাহ পাব বুলি জানিবলৈ দিয়ে।

Comments are closed, but trackbacks and pingbacks are open.