নিউজ ডেস্ক, ২০ অক্টোবৰঃ আজি মহাষষ্ঠী। বেদীত প্ৰতিষ্ঠা হ’ব মা দুৰ্গাৰ প্ৰতিমা। বেলবৰণেৰে সন্ধিয়া আদৰিব মহিষমৰ্দিনী দেৱী দুৰ্গাক।দেৱীৰ বন্দনাৰে মুখৰিত হৈছে চৌদিশ। ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজ সাজু হৈছে মা দুৰ্গাক আৰাধনা কৰিবলৈ।
পুৱা ৮ বাজি ১৭ মিনিট ৪০ ছেকেণ্ডত দেৱীৰ ষষ্ঠাদি কল্প আৰম্ভ হ’ব। সন্ধিয়া হ’ব দেৱীৰ আমন্ত্ৰণ। পূজাৰ বেদীত স্থাপিত হ’ব মা দুৰ্গাৰ মৃন্ময় প্ৰতিমা।এইবাৰ দেৱীৰ আগমন ঘোঁৰাত, গমনো ঘোঁৰাত।