যোৰহাটত পুতলা পিষ্টলৰ বিক্ৰী নিষিদ্ধ!

এইবাৰ দুৰ্গা পূজাত যোৰহাটত আৰক্ষীয়ে পুতলা পিষ্টলৰ বিক্ৰী বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰে।এই খবৰৰ পাছতে ব্যৱসায়ীমহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিন্তু এই সন্দৰ্ভত চলা ভুৱা প্ৰচাৰৰ বিপৰীতে যোৰহাট আৰক্ষীয়ে সমগ্ৰ বিষয়টো স্পষ্ট কৰি দিছে। যোৰহাটত গুলী সদৃশ প্লাষ্টিকৰ সৰু সৰু বল নিক্ষেপ কৰিব পৰা পুতলা পিষ্টলৰ বিক্ৰীহে বন্ধ কৰা হৈছে। এয়াৰপিষ্টল সদৃশ এনে পুতলা পিষ্টলৰ পৰা নিক্ষেপ কৰা প্লাষ্টিকৰ বলসমূহে মানুহক অতিষ্ঠ হোৱাকৈ আঘাত হানিব পাৰে। পূজাৰ সময়ত মহিলা আৰু যুৱতীসকলৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। যোৰহাট আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে কেৱল প্লাষ্টিকৰ গুলী নিক্ষেপ কৰিব পৰা পুতলা পিষ্টলৰ বিক্ৰীহে বন্ধ কৰা হৈছে। বাকী পুতলা পিষ্টলসমূহৰ বিক্ৰী বন্ধ কৰা হোৱা নাই।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment