Daily Time Axom

ISRO–এ সফলভাৱে উৎক্ষেপণ কৰিলে গগনযানৰ প্ৰথম টেষ্ট ফ্লাইট

0 31

কাৰিকৰী বিজুতিৰ পিছত সফলভাৱে উৎক্ষেপণ হ’ল গগনযান। শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলভাৱে উৎক্ষেপণ কৰা হ’ল গগনযানৰ টেষ্ট ফ্লাইট। ১০ বজাৰ লগে লগে ISRO–এ সফল উৎক্ষেপণ কৰিলে পৰীক্ষামূলক গগনযানৰ। কাৰিকৰী বিজুতি সংশোধন কৰি ISRO-এ সফলভাৱে সম্পন্ন কৰে পৰীক্ষামূলক গগনযানৰ উৰণ।
উল্লেখযোগ্য যে আজি পুৱা কাৰিকৰী বিজুতিৰ বাবে স্থগিত ৰাখিবলগীয়া হৈছিল গগনযানৰ পৰীক্ষামূলক উৰণ। প্ৰথমে ৮ বজাত সময় নিৰ্ধাৰণ কৰা হৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে সেই সময় পিছুৱাই দিয়া হৈছিল। তাৰ পিছত ৮.৩০ বজাত উৎক্ষেপণৰ সময় নিৰ্ধাৰণ কৰে ইছৰ’ৱে। কিন্তু উৎক্ষেপণৰ ঠিক ৫ ছেকেণ্ড পূৰ্বে কাৰিকৰী বিজুতিৰ বাবে স্থগিত ৰাখিবলগীয়া হয় উৰণ।

Leave A Reply

Your email address will not be published.