ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ

দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে বতৰ বিজ্ঞানীয়ে দিলে এক বিশেষ আগজাননী । আগন্তুক ৫ দিনলৈৈ ৰাজ্যৰ বতৰক লৈ এক আগজাননী দিছে বতৰ বিজ্ঞানীয়ে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই মহা নৱমীৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনাৰ তথ্য প্ৰকাশ কৰিছে। বে অফ বেংগল সাগৰত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত বৰষুণৰ প্ৰভাৱ দেখা যাব বুলি বতৰ বিজ্ঞানীয়ে জানিবলৈ দিয়ে।ইয়াৰোপৰি, বতৰ বিজ্ঞান কেন্দ্ৰৰ ৱেবচাইটৰ পৰা পোৱা তথ্য অনুসৰি অসম-মেঘালয়ৰ জিলাসমূহত আজি আৰু কাইলৈ সেউজীয়া সংকেত জাৰি কৰা হৈছে। এই দুদিন ৰাজ্যত পাতলৰ পৰা মধ্যমীয়া বৰষুণ দিব পাৰে। আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসম মেঘালয়ৰ কোনো কোনো ঠাইত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে।

Comments (0)
Add Comment