আধাৰ, ৮ কোটি ১০ লাখতকৈ অধিক ভাৰতীয়ৰ পাছপ’ৰ্টৰ তথ্য বিক্ৰী!

৮০ কোটিৰো অধিক ভাৰতীয় নাগৰিকৰ ব্যক্তিগত, আধাৰ তথ্য ডাৰ্ক ৱেবত বিক্ৰীৰ বাবে উপলব্ধ। এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে আমেৰিকাৰ এটা চাইবাৰ ছিকিউৰিটি এজেন্সীৰ প্ৰতিবেদনত। আধাৰ আৰু পাছপ’ৰ্টৰ তথ্য, নাম, ফোন নম্বৰ, ঠিকনা আৰু অন্যান্য ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত উপলব্ধ। এই তথ্যসমূহ ডাৰ্ক ৱেবত বিক্ৰীৰ বাবে আপলোড কৰা হৈছে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ বা আইচিএমআৰত থকা নাগৰিকৰ বিভিন্ন গোপনীয় আৰু স্পৰ্শকাতৰ তথ্যও অনলাইনত ফাদিল হৈছে। ডাৰ্ক ৱেবত ৮১.৫ কোটি ভাৰতীয়ৰ ব্যক্তিগত তথ্য ফাদিল হোৱা বুলি প্ৰকাশ কৰিছে আমেৰিকাৰ চাইবাৰ ছিকিউৰিটি এজেন্সীয়ে। আমেৰিকাৰ এজেন্সীৰ প্ৰতিবেদন অনুসৰি ৯ অক্টোবৰত ডাৰ্ক ৱেবত এটা পোষ্ট কৰা হৈছিল। পোষ্টটোত ভাৰতীয় নাগৰিকৰ আধাৰ বিক্ৰী আৰু পাছপ’ৰ্টৰ তথ্যৰ কথা কোৱা হৈছে। ৮১.৫ কোটি ভাৰতীয় নাগৰিকৰ তথ্যৰ বাবে ৮০ হাজাৰ ডলাৰৰ মূল্য দাবী কৰা হৈছিল। কিন্তু ভাৰতৰ স্পৰ্শকাতৰ আৰু গোপনীয় তথ্য ফাদিল হোৱাৰ এয়া প্ৰথম ঘটনা নহয়। যোৱা আগষ্ট মাহত ভাৰতৰ এটা অচিনাকি তদন্তকাৰী সংস্থাই ডাৰ্ক ৱেবত বিক্ৰীৰ বাবে তথ্য প্ৰকাশ কৰিছিল। সেই তথ্য আছিল প্ৰায় ১.৮ টেৰাবাইট। ২০২২ চনৰ আগষ্ট মাহত কেগে আধাৰ কৰ্তৃপক্ষ অৰ্থাৎ ইউআইডিএআইৰ কাম-কাজ পৰীক্ষা কৰে। পিছৰ প্ৰতিবেদনসমূহে ইংগিত দিছিল যে তথ্য সুৰক্ষিত আৰু গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। ২০০৯ চনত আধাৰ আৰম্ভ হৈছিল। তাৰ পিছৰে পৰা মুঠ ১৪০ কোটি আধাৰ কাৰ্ড কেন্দ্ৰীয় চৰকাৰ আৰু ইউআইডিএআইৰ দ্বাৰা বিতৰণ কৰা হৈছে। আধাৰ আৰু পাছপ’ৰ্টৰ তথ্য ফাদিল আৰু বিক্ৰীৰ বাবে ডাৰ্ক ৱেবলৈ অহাৰ ফলত দেশৰ তথ্য সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ডাৰ্ক ৱেবৰ জৰিয়তে এই সকলো তথ্য ক্ৰয় কৰি বেংকৰ জালিয়াতি অৰ্থাৎ অনলাইন বেংকিং ব্যৱস্থাত জালিয়াতি, আয়কৰ ৰিটাৰ্ণৰ নামত জালিয়াতিৰ পৰা আৰম্ভ কৰি বিভিন্ন চাইবাৰ অপৰাধৰ আয়োজন কৰা হৈছে। ডাৰ্ক ৱেবত ফাদিল হোৱা তথ্যৰ ভিতৰত নাম, পিতৃৰ নাম, ফোন নম্বৰ, পিতৃৰ নম্বৰ, ফোন নম্বৰ, অন্য নম্বৰ, পাছপ’ৰ্ট নম্বৰ, আধাৰ নম্বৰ, বয়স, লিংগ, ঠিকনা, জিলা, পিনকোড আৰু ৰাজ্য আদি অন্তৰ্ভুক্ত। দেশত তথ্য সুৰক্ষাক লৈ বিৰোধীয়ে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰি আহিছে। কেন্দ্রীয় চৰকাৰে ডাটা ছিকিউৰিটি সুৰক্ষাৰ বাবে পৰ্যাপ্ত কাম কৰা নাই বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে৷ ইয়াৰ পূর্বে ক’ৰোনা কালত মুকলি কৰা কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ৰ কোভিন প’র্টেলৰ পৰা নাগৰিকৰ তথ্য ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ অৱশ্যে মোডী চৰকাৰে মানি লোৱা নাছিল। এইবাৰ ভাৰতীয় নাগৰিকৰ ব্যক্তিগত তথ্য ফাদিল হোৱা সন্দৰ্ভত কেন্দ্ৰই কোনো মন্তব্য কৰা নাই।

AssamAssamese NewsDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment