Daily Time Axom

মুকালমুৱাৰ লোহাৰকাঠাত প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাত ঘোগা বদনি ডাইমণ্ড ক্লাৱৰ খিতাপ অৰ্জন

0 44

মুকালমুৱাৰ লোহাৰকাঠাত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন মংগলবাৰে অনুষ্ঠিত হয়। লোহাৰকাঠা যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত কৰা নফচেৰ আলী সোৱৰণী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাত ঘোগা বদনি ডায়মণ্ড ক্লাৱে খিতাপ অৰ্জন কৰে। লোহাৰকাঠা যুৱক সংঘৰ খেল পথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন ঘোগা বদনী ডাইমণ্ড ক্লাৱ আৰু বালিকুছি ভাইটি ক্লাৱৰ মাজত অনুষ্ঠিত হয়। তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেল খেলখনত ঘোগা বদনি ডাইমণ্ড ক্লাৱে ৪-০ গ’লৰ ব্যৱধানত বালিকুছি ভাইটি ক্লাৱক পৰাস্ত কৰি প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে। তীব্ৰ উত্তেজনা পূৰ্ণ খেলখন উপভোগ কৰিবলৈ ভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ দৰ্শকৰ সমাগম হোৱা পৰিলক্ষিত হয়। খেলখন শুভ উদ্বোধন কৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৌস্তভ ৰয়ে।

Leave A Reply

Your email address will not be published.