শ্বাহৰুখে ইতিহাস ৰচনা কৰিলে! প্ৰথম ভাৰতীয় ছবি হিচাপে বিশ্বৰ কিমান নম্বৰ ‘জোৱান’?

শ্বাহৰুখ খানৰ ৫৮ সংখ্যক জন্মদিন সঁচাকৈ মনত ৰাখিব সকলোৱে। ২ নৱেম্বৰত কিং খানৰ জন্মদিন। তাৰ আগতেই তেওঁ ইতিহাস ৰচনা কৰিছে। তেওঁৰ ‘জোৱান’ ছবিখনে বিশ্বজুৰি ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী মূলৰ ছবি হিচাপে পৰিগণিত হয়। এই তালিকাত ‘বাহুবলী ২’, ‘আৰ আৰ আৰ’, ‘কে জি এফ ২’ৰ দৰে ছবিও সন্নিবিষ্ট কৰা হৈছে। সেই অনুসৰি পৰিচালক আটলী কুমাৰৰ প্ৰথম হিন্দী ছবিখন হৈছে চতুৰ্থ সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবি। আৰু ইউ এ ইৰ শীৰ্ষ দহটা বক্স অফিচ উপাৰ্জনৰ তালিকাতো প্ৰৱেশ কৰিছে। তালিকাৰ নৱম স্থানত আছে ‘জোৱান’।

Assamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment