ছালা-আল-দিন ৰোড। এই পথটোৱে উত্তৰ আৰু দক্ষিণ গাজাক সংযোগ কৰে।
চহৰখনৰ মাজমজিয়াত থকা এই পথটোৰে ইজৰাইলৰ টেংকবোৰ পাৰ হৈ যায়।
এখন গাড়ী টেংকৰ পৰা এটা গোলা নিক্ষেপ কৰাত নিমিষতে যাত্ৰী আৰু গাড়ীখন জুইত জাহ যায়।
ইজৰাইল-হামাছ যুদ্ধৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে। একেটা পথতে আন এখন গাড়ীৰ পৰা লোৱা হৈছে এই ভিডিঅ’টো। চাৰিওফালৰ ধ্বংসাৱশেষৰ মাজতে এই পথটো ইমান দিনে বাচি থাকিল। এই পথেৰে আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। এই পথতে সাধাৰণ মানুহে গাজা ষ্ট্ৰিপৰ উত্তৰৰ পৰা দক্ষিণ দিশলৈ পলায়ন কৰিছিল। ৱাদি গাজাৰ ওচৰৰ সেই ৰাস্তাটোও এতিয়া যুদ্ধক্ষেত্ৰ। ইজৰাইলে যি দাবী কৰিছিল তাৰ প্ৰমাণ এই ভিডিঅ’টো। গাজা চহৰত প্ৰৱেশ কৰিছে ইজৰাইলৰ স্থল বাহিনী। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে যোৱা ২৪ ঘণ্টাত ৬০০ টা স্থান লক্ষ্য কৰি লোৱা বুলি জানিবলৈ দিয়ে। স্থল আক্ৰমণৰ উপৰিও বিমান আক্ৰমণো চলি আছে। কিন্তু আইডিএফে ছালা-আল-দিন কাণ্ডক লৈ মুখ খোলা নাই।