ইজৰাইলে হামাছৰ আন এজন কমাণ্ডাৰক হত্যা কৰা বুলি দাবী কৰিছে। ইজৰাইলী বাহিনীৰ বিমান আক্ৰমণত নিহত হ’ল নাছিম আবু আজিনা নামৰ হামাছৰ আন এজন কমাণ্ডাৰ। জানিব পৰা মতে, ৭ অক্টোবৰৰ পুৱাৰ ভাগত এই হামাছৰ সেনাপতিৰ নেতৃত্বত ইজৰাইলৰ ওপৰত আক্ৰমণ সংঘটিত হৈছিল।
ইফালে ইজৰাইলৰ সেনাই এতিয়াও ঘেৰাও কৰা গাজা ষ্ট্ৰিপৰ উপকণ্ঠ অঞ্চলত হামাছৰ যোদ্ধাৰ সৈতে যুঁজি আছে। সোমবাৰ আৰু মঙলবাৰৰ পিছত হামাছে গাজাৰ উত্তৰ আৰু দক্ষিণ অঞ্চলত ইজৰাইলৰ সেনাক আক্ৰমণ কৰে।
ইফালে, ৭ অক্টোবৰত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে প্ৰায় ১০ হাজাৰ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। হামাছৰ দ্বাৰা পৰিচালিত গাজাত স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি গাজাত মৃত্যু হোৱা লোকৰ সংখ্যা ৮,৫২৫ জন হৈছেগৈ। আহত ২১ হাজাৰ ৪৮ জন লোক। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি গাজাত যুদ্ধৰ বাবে ৩৫০০ শিশুৰ মৃত্যু হৈছে। এতিয়াও সন্ধানহীন হৈ আছে প্ৰায় ১০০০ শিশু। পানীৰ অভাৱত নৱজাতকৰ মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। আনহাতে ইজৰাইলে কয় যে হামাছৰ আক্ৰমণত ১৪০০ ইজৰাইলী নিহত হৈছে।
Prev Post