দুৰ্ঘটনাগ্ৰস্ত গাড়ীত বিদেশী সুৰাৰ বটল উদ্ধাৰ

বিহাৰত সুৰা লুণ্ঠন। যোৱা ৩০ অক্টোবৰত ২ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এই ঘটনা। জানিব পৰা মতে, সুৰাভৰ্তি এখন বাহন আন এখন বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। স্থানীয় লোকে সহায়ৰ বাবে লৰালৰিকৈ অহাত সুৰা ভৰ্তি গাড়ীখনৰ চালকজনে পলায়ন কৰে। স্থানীয় লোকে গাড়ীৰ ভিতৰত দেখিলে মদৰ বটল পৰি আছে। তেতিয়াই লুটপাত আৰম্ভ হয়। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানলৈ আহিছিল যদিও নিৰৱ দৰ্শক হৈ আছিল। কাৰণ স্থানীয় লোকৰ সংখ্যা ইমানেই বেছি আছিল যে আৰক্ষীয়ে একো কৰিব পৰা নাছিল। স্থানীয় লোকে হাতত একাধিক সুৰাৰ বটল লৈ পলায়ন কৰে। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ’টোত দেখা গৈছে যে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ পৰা সুৰাৰ বটল লুটপাত কৰি স্থানীয় লোকে পলাই গৈছে। জানিব পৰা মতে গাড়ীখনৰ ভিতৰত বিদেশী সুৰাৰ বটল আছিল। স্থানীয় আবকাৰী কাৰ্যালয়ৰ বিষয়াগৰাকীয়ে এই ঘটনাৰ চিচিটিভি ফুটেজ দেখি স্থানীয় ৰাইজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। প্ৰসংগক্ৰমে ২০১৬ চনৰ পৰা বিহাৰত সুৰা নিষিদ্ধ কৰা হৈছে। বিহাৰত প্ৰায়ে শুনা যায় সুৰাৰ বিষক্ৰিয়াত মৃত্যুৰ ঘটনা।

Assamese NewsDaily time axomGuwahatiIndiaNew DelhiWorld
Comments (0)
Add Comment