বলীউডৰ পৰা কিয় বিৰতি ল’ব বিচাৰিছে সুস্মিতাই! আঁৰত কি আছে?

বিৰতিৰ কথা ঘোষণা কৰিলে সুস্মিতা সেনে। ৰাম মাধৱনীৰ পৰিচালনাত নিৰ্মিত ‘আৰ্য্য ৩’ ৩ নৱেম্বৰত ডিজনী প্লাছ হটষ্টাৰত মুক্তি পাব। আৰু তাৰ পিছত অভিনেত্ৰীগৰাকীয়ে উদ্যোগৰ পৰা কেইমাহমান বিৰতি ল’ব। মঙলবাৰে ইনষ্টাগ্ৰাম লাইভত তেওঁ এই কথা কয়। সুষমিতাই প্ৰায়ে নিজৰ চিন্তা-চৰ্চা নিজৰ অনুৰাগীৰ সৈতে ভাগ-বতৰা কৰে। বিৰতিৰ আগতেও তেওঁ একেদৰেই কৰিছিল। সমগ্ৰ দেশৰ অগণন অনুৰাগীক তেওঁ কয় যে তেওঁ সুস্থ হ’বলৈ এই বিৰতি লৈছে। ২০২৪ চনৰ বাবে প্ৰস্তুতি চলোৱাৰ সিদ্ধান্ত লৈছে সেন সুন্দৰীয়ে। সেই সময় তেওঁ বিশেষ শাৰীৰিক ব্যায়াম কৰি, ভ্ৰমণ আৰু পৰিয়ালৰ সৈতে কটাব। বহুতে নিজৰ প্ৰিয় অভিনেত্ৰীক লাইভত দেখাৰ পিছত তেওঁৰ কথা-বতৰাও উপভোগ কৰে।

AssambollywoodDaily time axomIndiaInternational
Comments (0)
Add Comment