শৰণাৰ্থী শিবিৰত হোৱা আক্ৰমণৰ কথা স্বীকাৰ ইজৰাইলৰ

উত্তৰ গাজাৰ জাবালিয়া শৰণাৰ্থী শিবিৰত ইজৰাইলী বাহিনীয়ে এম্বুছ কৰাত কমেও ডেৰ শতাধিক লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়।

ইজৰাইলৰ সেনাই জনোৱা মতে, যোৱা মঙলবাৰে (৩১ অক্টোবৰ) উত্তৰ গাজাৰ জাবালিয়া অঞ্চলত তেওঁলোকৰ যুদ্ধ বিমানে আক্ৰমণ চলাইছিল।

এই আক্ৰমণত হামাছৰ এজন শীৰ্ষ সেনাধ্যক্ষ নিহত হোৱা বুলি আইডিএফে প্ৰকাশ কৰিছে। হামাছৰ এটা ভূগৰ্ভস্থ আন্তঃগাঁথনিও ক্ষতিগ্ৰস্ত হয়।

হামাছৰ দ্বাৰা পৰিচালিত স্বাস্থ্য মন্ত্ৰালয় আৰু এজন চিকিৎসালয়ৰ সঞ্চালকে কয় যে, “এই আক্ৰমণত কমেও ডেৰশ লোক নিহত হৈছে।” ইয়াক বিভিন্ন ছবিত দেখা যায়, আক্ৰমণস্থলীত বৃহৎ গহ্বৰ সৃষ্টি হৈছে আৰু তাত থকা অট্টালিকাবোৰ মাটিত পৰি আছে।

ইউনিছৰ এখন চিকিৎসালয়ৰ বাহিৰত সাংবাদিকৰ আগত মুখপাত্ৰ য়াদ আল বাজুম খানে কয় যে এই অট্টালিকাসমূহত শ শ বাসিন্দা আছিল। দখলদাৰী বায়ুসেনাই আমেৰিকাত নিৰ্মিত ছটা বোমাৰে জিলাখন ধ্বংস কৰে।

আজি (বুধবাৰ) দক্ষিণ গাজাৰ ৰাফাহ সীমান্ত ক্ৰছিং মুকলি হোৱাৰ কথা। ফলত গুৰুতৰভাৱে আহত পেলেষ্টাইনীসকলে ইজিপ্তত চিকিৎসা লাভ কৰিব।

৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ পিছত ইজৰাইলে গাজাত বিমান আক্ৰমণ আৰম্ভ কৰিছে। গাজাত এতিয়ালৈকে বিমান আক্ৰমণ আৰু স্থল অভিযানত ৮৫০০ৰো অধিক লোক নিহত হৈছে। য’ত এতিয়া পানী, খাদ্য, ইণ্টাৰনেট আৰু চিকিৎসা সেৱাৰ বাবে হাহাকাৰ কৰিছে মানুহে।

AssamAssamese NewsDaily time axomNew DelhiWorld
Comments (0)
Add Comment