Daily Time Axom

দেশলৈ উভতি যাবলৈ পাকিস্তান সীমান্তত ভিৰ আফগান শৰণাৰ্থীৰ

0 37

চৰকাৰে নিৰ্ধাৰণ কৰা সময়সীমা শেষ হোৱাৰ এদিন পূৰ্বে হাজাৰ হাজাৰ আফগান শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰীয়ে পাকিস্তানলৈ উভতি যাবলৈ সীমান্তলৈ ৰাওনা হৈছে।
চলিত মাহৰ আৰম্ভণিতে পাকিস্তানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ স্বৰাজ মন্ত্ৰী ছাৰফৰাজ বুগটিয়ে ৩১ অক্টোবৰৰ সময়সীমা নিৰ্ধাৰণ কৰি কয় যে এই সময়ছোৱাৰ ভিতৰত শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰীয়ে দেশ এৰি যাব লাগিব।
পাকিস্তান চৰকাৰে কৈছে যে পাকিস্তানত ৪০ লাখতকৈ অধিক বিদেশীয়ে বাস কৰে। ইয়াৰে এক বৃহৎ অংশ আফগান নাগৰিক, যিসকলে ১৯৮০ চনত আফগানিস্তানত ছোভিয়েট আক্ৰমণৰ পিছত আশ্ৰয় বিচাৰি পাকিস্তানলৈ আহিছিল।
শেহতীয়াকৈ ২০২১ চনত তালিবানে ক্ষমতা দখল কৰাৰ পিছৰে পৰা পাকিস্তানী বিষয়াসকলে কয় যে ৬ৰ পৰা ৮০ লাখ আফগান লোকে পাকিস্তানত আশ্ৰয় লৈছে।
পাকিস্তান চৰকাৰে দাবী কৰিছে যে প্ৰায় ১৭ লাখ আফগান নাগৰিক নথি-পত্ৰবিহীন।
স্থানীয় সংবাদ মাধ্যমে মঙলবাৰে জনোৱা মতে, খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তানৰ চামান ক্ৰছিঙৰ জৰিয়তে চলিত মাহত প্ৰায় এক লাখ আফগান প্ৰব্ৰজনকাৰীয়ে স্বেচ্ছাই ঘৰলৈ উভতি গৈছে।

Leave A Reply

Your email address will not be published.