Daily Time Axom

ক’ত চলিছে চালকবিহীন টেক্সি ডয়চে ৱেলে

0 47

যোৱা আগষ্ট মাহত কেলিফৰ্ণিয়াৰ নিয়ন্ত্ৰকসকলে ছান ফ্ৰান্সিস্কোত চালকবিহীন গাড়ী ৰবটেক্সি ব্যৱহাৰৰ অনুমোদন জনাইছিল। কিন্তু সকলোৱে ইয়াক লৈ সুখী নহয়।

শেহতীয়াকৈ গুগলৰ ‘ৱেইমো’ কোম্পানী আৰু ‘ক্ৰুজ’ নামৰ আন এটা কোম্পানীয়ে এই অনুমতি লাভ কৰিছে। চালকবিহীন টেক্সিয়ে যাত্ৰী পৰিবহণ অধিক সুৰক্ষিত কৰি তুলিব বুলি দাবী কৰে। কাৰণ চালকসকল ভাগৰুৱা বা অসাৱধান হ’ব পাৰে।

বৰ্তমান পৰীক্ষাৰ অংশ হিচাপে শ শ বাহনে যাত্ৰীক বিনামূলীয়াকৈ সেৱা আগবঢ়াই আছে। কিছুমান বাহন কেৱল অফ-পিক সময়তহে চলি থাকে। শীঘ্ৰে ২৪ ঘণ্টাই দিনে নিশাই যাত্ৰী পৰিবহণৰ বাবে এই সেৱা আৰম্ভ কৰা হ’ব।

Leave A Reply

Your email address will not be published.