Daily Time Axom

গোৰেশ্বৰ মহাবিদ্যালয়ত ৩১ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ সম্পন্ন

0 71

২৩০ গৰাকী শিশু বিজ্ঞানীয়ে অংশগ্ৰহণ সমাৰোহত

তামুলপুৰ জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ত বুধবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে ৩১ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হৈ যায়।গোৰেশ্বৰ মহাবিদ্যালয়ৰ শ্ৰেণী কক্ষত অনুষ্ঠিত হয় এই সমাৰোহ ৷জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ মুঠ ২৩০ গৰাকী শিশু বিজ্ঞানীয়ে এই সমাৰোহত অংশগ্ৰহণ কৰে। শিশু বিজ্ঞানীসকলে মুঠ ১১৫ টা প্ৰকল্প সমাৰোহৰত উপস্থাপন কৰে। ইপিনে বিজ্ঞান মানসিকতা সৃষ্টি কৰাৰ লক্ষৰে আয়োজিত কৰা অনুষ্ঠানত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ জিলা সমন্বয়ক আলকাচ আলী, ৰাজ্যিক সমন্বয়ক, গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা, পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। ইফালে উক্ত অনুষ্ঠানৰ জৰিয়তে শিশু বিজ্ঞানী সকলৰ দ্বাৰা সমাজলৈ বিজ্ঞান মানসিকতা টনকীয়াল হ’ব বুলি আশা প্ৰকাশ কৰে গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰমোদ মেধীয়ে।উল্লেখ উক্ত অনুষ্ঠানৰ অন্তত গোৰেশ্বৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত এখনি মুকলি সভাও অনুষ্ঠিত হয়। গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰমোদ মেধীৰ সঞ্চালনাত অনুষ্ঠিত সভাতে শিশু বিজ্ঞানীসকলৰ মাজত মানপত্ৰ বিতৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.