গ্ৰ’থ বিদ্যাপীঠ আৰু ষ্টাৰ্ট হাব লাৰ্নিং চেন্টাৰ যোৰহাটৰ উদ্যোগত আজি টীয়কৰ জ্যোতি বিদ্যাপীঠৰ প্ৰেক্ষাগৃহত এখনি স্মৃতি বৰ্ধক কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।সুদূৰ মুম্বাইৰ গ্ৰ’থ বিদ্যাপীঠৰ অন্যতম জনপ্ৰিয় প্ৰশিক্ষক কিমি চাহৰ নেতৃত্বত উক্ত কৰ্মশালা আয়োজন কৰা হৈছে।উল্লেখযোগ্য যে এই প্ৰশিক্ষণৰ জড়িয়তে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স্থিতি তথা স্মৃতি সবল কৰি অনাগত দিনত সফলতা অৰ্জনৰ বাবে বিশেষ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে সমল ব্যক্তিগৰাকীয়ে।ইপিনে এই স্মৃতি বৰ্ধক প্ৰশিক্ষণে বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ পঢ়াশালিৰ পাঠ্যক্ৰমৰ সৈতে জড়িত কৰাই আগবঢ়াই নিবলৈ চেষ্টা কৰিছে আৰু এই প্ৰশিক্ষণে বিদ্যালয়,মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়তে ধৰি অনান্য দৈনন্দিন কৰ্মৰাজিত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সকলো পৰ্য্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বিশেষ সহায়ক হৈছে বুলি ইতিমধ্য প্ৰমাণিত হৈছে বুলি সদৰি কৰিছে উদ্যোক্তাসকলে।আজিৰ এই কৰ্মশালাত বৃহত্তৰ টীয়কৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু এইসকল ছাত্ৰ ছাত্ৰীৰ সহাৰি আশানুৰূপ পালে পৰবৰ্তী সময়ত স্থায়ীভাৱে ছাত্ৰ ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ এই অনুষ্ঠান টীয়কত আৰম্ভ কৰা হব বুলিও জানিব পৰা গৈছে।