ৰঙিয়া গুৰকুছি কৈৰাৰাত ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই এজন যুৱকৰ ঘৰৰ পৰা এটা এটা পিষ্টল সহ তিনিজাই গুলী জব্দ কৰিবলৈ সক্ষম হয় । ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিয়ামতে এক নিৰ্ভযোগ্য সুত্ৰৰ ভিত্তিত নিশাৰ ভাগত ৰঙিয়া গুৰকুছিৰ কৈৰাৰাত ৰিংকু আলী ওৰফে গাগাৰ ঘৰত তালাচী চলোৱা হয় । তালাচীৰ সময়ত গাগাৰ ঘৰৰ পৰা এটা পিষ্টল সহ তিনিজাই সজীৱ গুলী উদ্ধাৰ কৰা হয় । গাগাৰ স্বীকাৰোক্তি ভিত্তিত তেওৰ লগত জৰিত থকা একে গাওৰে আলম আলী নামৰ এজন যুৱকক আটক কৰে । আলম আলীৰ ঘৰৰ পৰা নগত ১৬ হেজাৰ টকা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জানিবলৈ দিয়ামতে ধৃত গাগা ইয়াৰ পুৰ্বে ড্ৰাগ সংক্ৰান্তীয় গোছৰত আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । গাগাৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত এক গোচৰ ৰুজু হৈ আছে । বৰ্তমান আৰক্ষীয়ে ধৃত দুয়োজনকে সোধপোচ অব্যহত ৰাখিছে ।