আজি তৃতীয় দিনাও সমান্তৰালভাৱে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ বিক্ষোভ কাৰ্যসূচী অব্যাহত

বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ গ’-বেক, বিজেপি চৰকাৰ লেই-লেই ছেই-ছেই, বিজেপি চৰকাৰ কাম নাই, এই চৰকাৰ নালাগে, দুৰ্নীতিৰ চৰকাৰ নালাগে আদি বিভিন্ন ধৰণৰ শ্লগানেৰে প্ৰতিবাদ কাৰ্যসূচী উত্তাল কৰি তোলে।
মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ইউনিয়নৰ সভানেত্ৰী যোৱাকালি হঠাতে অজ্ঞান হৈ যোৱা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও আজি অসুস্থ হোৱাৰ পিছতো তৃতীয় খন দিনাও নিজৰ প্ৰাপ্য পূৰণৰ স্বাৰ্থত প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আৰু সংবাদ মাধ্যমৰ আগত জানিব দিয়ে যে চৰকাৰে যদি মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ দাবী সমূহ মানি নলয় তেনেহলে তেওঁলোকে অহা কালি আইন অমান্য আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি জনায়।
সমস্ত বকেয়া মাননি অতিশীঘ্ৰে আদায় দিয়া,প্ৰতি মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আগৰ মাহৰ মাননি নিয়মীয়াকৈ আৰু সম্পূৰ্ণকৈ আদায় দিয়া, বছৰটোৰ ১২ মাহৰ বাবেই মাননি প্ৰদান কৰা, কাম হেৰুৱা ৰন্ধন কৰ্মীক এককালীন ৩ লাখ টকা সাহাৰ্য্য প্ৰদান কৰা।
যদি চৰকাৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ এই ৬খন দাবী মানি নলয় তেনেহলে মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে অনাগত দিনত গণতান্ত্ৰিক ভাৱে ৰাজ পথত উলাই অহাত বাধ্য হ’ব। ইয়াৰ বাৱে দায়ী হ’ব অসম চৰকাৰ। এই বুলি মন্তব্য কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ইউনিয়নৰ সভানেত্ৰীয়ে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment