নলবাৰীত হাজাৰ হাজাৰ যুৱকৰ প্ৰাণকেন্দ্ৰ স্বৰূপ খেল পথাৰ খন উন্নয়নত বাধা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান যুৱকসকলৰ

নলবাৰী জিলাৰ এখন ঐতিহাসিক খেল পথাৰ হৈছে পূৱ নলবাৰী মহাবিদ্যালয় খেল পথাৰ।। বৃহত্তৰ পূৱ নলবাৰীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ উক্ত খেল পথাৰ খনতে জড়িত হৈ আছে সহস্বাধিক যুৱক-যুৱতীৰ সপোন।

প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি শতাধিক যুৱক-যুৱতীয়ে মনত হাজাৰ সপোন লৈ অনুশীলন কৰিবলৈ আহে খেল পথাৰখনলৈ ।।ইতিমধ্যে উক্ত খেল পথাৰখনত অনুশীলন কৰি কেইবা গৰাকী যুৱক-যুৱতীয়ে অসম আৰক্ষী,ভাৰতীয় সৈন্য বাহিনী তথা অন্যান্য বিভাগত চাকৰী পাবলৈ সক্ষম হৈছে।। কিন্তু, বৃহত্তৰ পূৱ নলবাৰীস্থিত খেল পথাৰখনৰ উন্নয়নৰ বাবে পঞ্চায়ত প্ৰতিনিধিয়ে কোনো ব্যৱস্থা লোৱা নাই।।বাৰিষা আহিলে বোকা-পানীৰে উপচি পৰে খেল পথাৰখন।।উল্লেখ্য অনুশীলন কৰিবলৈ অহা যুৱক সকলেই কম-বেছি পৰিমানে নিজৰ ধন উঠাই খেল পথাৰখনত কিছু পৰিমানৰ মাটি পেলোৱাৰ প্ৰয়াস কৰে। আনহাতে নিজৰ বল-বুদ্ধিৰে খেলৰ বিভিন্ন আহিলা সাধাৰণভাৱে নিৰ্মান কৰি অনুশীলন কৰি আহিছে। সেয়ে এইসকল যুৱকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক খেল পথাৰ খনৰ উন্নয়ন কৰিবলৈ আহ্বান জনাই। লগতে একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে খেল পথাৰখনৰ উন্নয়নৰ নামত অহা ধন আত্মস্বাৎ কৰাৰো অভিযোগ কৰি দুখ প্ৰকাশ কৰে।।

AssamAssamese NewsDaily time axomGuwahatiInternationalNew DelhiWorld
Comments (0)
Add Comment