Daily Time Axom

ভাওৰাগুৰিত এবিআমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন

0 51

গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰিত ভাওৰাগুৰি-বিন্যাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত এবিআমছুৰ ভাওৰাগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত ৪ আৰু ৫ নভেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা চমুকৈ এবিআমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনৰ আয়োজন কৰে।আজি পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলে গোসাঁইগাঁও জিলা সভাপতি নুৰ মহম্মদ আনছাৰীয়ে।অধিৱেশনৰ ৫ নভেম্বৰত মুকলি সভাত মূখ্য অতিথি হিচাপে এবিআমছুৰ কেন্দ্ৰীয় সভাপতি টাইছন হুচেইনৰ উপস্থিত থকাৰ লগতে ভালে কেইগৰাকী বিশিষ্ট বক্তা,নিৰ্দিষ্ট বক্তা উপস্থিত থাকিব।অধিৱেশনৰ দুদিনীয়া কাৰ্য্যসূচীত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে উপস্থিত থাকি অধিৱেশনখন সাফল্যমণ্ডিত কৰিবলৈ আয়োজক সমিতিয়ে আহ্বান জনায়।

Leave A Reply

Your email address will not be published.