Daily Time Axom

মুকেশ আম্বানীলৈ ভাবুকিৰ ইমেইল, আটক ১

0 37

উদ্যোগপতি মুকেশ আম্বানীক হত্যাৰ ভাবুকি দিয়া তেলেংগানাৰ এজন ১৯ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ। প্ৰসংগক্ৰমে যোৱা সপ্তাহত মুকেশ আম্বানীয়ে ইমেইলযোগে মৃত্যুৰ ভাবুকি লাভ কৰিছিল। অভিযুক্তক ৮ নৱেম্বৰলৈ আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়া হৈছে। ২৭ অক্টোবৰত এই ভাবুকিৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰা হৈছিল। প্ৰথম ইমেইলত দাবী কৰিছিল ২০ কোটি টকা। তাৰ পিছত দ্বিতীয়টো ভাবুকি দিয়া ইমেইলত ২০০ কোটি টকা দাবী। তৃতীয়টো ইমেইলত মুকেশ আম্বানীৰ পৰা ৪০০ কোটি টকা দাবী কৰা হৈছিল। আৰক্ষীয়ে তদন্ত কৰি ইমেইল আইডি পৰীক্ষা কৰে। ইমেইল আইডিটো বেলজিয়ামৰ পৰা অহা সাদাব খান নামৰ এজন ব্যক্তিৰ। অৱশ্যে সঁচা নে নহয় তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। এইটো প্ৰথম নহয়, ইয়াৰ পূৰ্বেও উদ্যোগপতি মুকেশ আম্বানীয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছিল। যোৱা বছৰো এই অভিযোগত বিহাৰৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।

Leave A Reply

Your email address will not be published.