পঞ্জাৱত বৰযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্থ; ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু দৰাসহ ৪ জন লোকৰ

পঞ্জাৱৰ মোগাৰ অজিতোৱাল চহৰৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ফাজিলকাৰ গাঁও ফৌজাৰ পৰা লুধিয়ানাৰ বডদোৱাললৈ গৈ থকা বৰযাত্ৰীৰ এখন গাড়ীয়ে পথত ৰৈ থকা এখন ট্ৰাকক খুন্দিয়ায়।দুৰ্ঘটনাৰ ফলত দৰা সুখবিন্দৰ সিংসহ চাৰিজনৰ মৃত্যু হয়।পুৱতি নিশা সংঘটিত এই দুৰ্ঘটনা । জানিব পৰা মতে, দুৰ্ঘটনাটোত দুজন লোকৰ থিতাতে মৃত্যু হয় আৰু বাকী দুজনৰ জগৰাও চিকিৎসালয়ত মৃত্যু ঘটে।আনহাতে গুৰুতৰভাৱে আহত দুজন বৰ্তমান চিকিৎসাধীন হৈ আছে। পৰিয়ালৰ কনিষ্ঠ পুত্ৰ সুখৱিন্দৰ সিঙে বডদোৱাললৈ বিয়া কৰাবলৈ যোৱাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment