মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ এটা ঔষধ কোম্পানীৰ কাৰখানাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।এই ঘটনা সংঘটিত হোৱাৰ পিছত শনিবাৰে সন্ধিয়ালৈকে ৮টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে নিৰুদ্দেশ হৈ থকা তিনিজন লোকৰ সন্ধান অব্যাহত আছে।এন ডি আৰ এফৰ বিষয়াই জনোৱা মতে, শুকুৰবাৰে পুৱা ১১ বজাত মুম্বাইৰ পৰা প্ৰায় ১৭০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৰায়গড় জিলাৰ এম আই ডি চি মহাডৰ ফাৰ্মাচিউটিকেল কোম্পানী ব্লু জেট হেল্থকেয়াৰৰ কাৰখানাত অগ্নিকাণ্ড সংঘটিত হৈছিল।শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে, যাৰ বাবে কোম্পানীটোত থকা ৰাসায়নিক পদাৰ্থৰ বেৰেল ফাটি যায়, আৰু জুইয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে।