অসমীয়া এনিমেচন ছবি ‘লাচিত, দ্য ৱাৰিয়ৰ’লৈ বিশেষ সন্মান

অসমবাসীলৈ আন এক সুখবৰ। দেওবাৰ মুম্বাইত অনুষ্ঠিত যথাকথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু সাহিত্য মহোত্‍সৱত শ্ৰেষ্ঠ এনিমেছন চলচ্চিত্ৰৰ বঁটা লাভ কৰে লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰ ওপৰত নিৰ্মিত চুটিছবি “লাচিত: দ্য ৱাৰিয়াৰ”য়ে। পাৰ্থসাৰথি মহন্তৰ পৰিচালনা আৰু মীনা মহন্ত, ইন্দ্ৰাণী বৰুৱাৰ প্ৰযোজনাত প্ৰকাশ পোৱা এই চুটিছবিখনৰ ধাৰাভাষ্যকাৰ হৈছে অমৰজ্যোতি চৌধুৰী। ছবিখনে লাভ কৰা এই শ্ৰেষ্ঠত্বৰ খিতাপৰ বাবে এতিয়া স্বাভাৱিকতেই উত্‍ফুল্লিত হৈ পৰিছে অসমৰ সাংস্কৃতিক জগত।মুম্বাই, দিল্লী, কলকাতা, জয়পুৰ, উত্তৰ-পূব চলচ্চিত্ৰ মহোত্‍সৱকে ধৰি এতিয়ালৈকে ৮ খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্‍সৱত লাচিত দ্য ৱাৰিয়াৰ প্ৰদৰ্শিত আৰু পুৰস্কৃত হৈছে। ছবিখন গোৱাত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্‍সৱত সন্মানীয় ভাৰতীয় পেনোৰামাৰ বাবেও নিৰ্বাচিত হৈছে।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment