নলবাৰী জিলাৰ দৌলাশালত এজন বিশেষভাৱে সক্ষম মুকবধিৰ কিশোৰ উদ্ধাৰ!

নলবাৰী জিলাৰ অন্তৰ্গত দৌলাশালত যোৱা বৃহস্পতিবাৰে নিশা দৌলাশাল চ’ক বজাৰৰ এখন বন্ধ দোকানৰ টেবুলৰ তলত শুই থকা অৱস্থাত উদ্ধাৰ কৰা হয় এজন মুকবধিৰ কিশোৰক। দৌলাশাল গাঁও নিবাসী দীনেশ নাথ নামৰ হৃদয়বান যুৱকজনে প্ৰায় ১২/১৩ বছৰীয়া কিশোৰজনক নিশাৰ আহাৰৰ ব্যৱস্থা কৰি তেওঁলোকৰ ঘৰতে আশ্ৰয় প্ৰদান কৰে। পিছে মুখেৰে কথা ক’ব নোৱাৰা কিশোৰজনৰ কোনো ঠিকনা উলিয়াব নোৱাৰি এতিয়া বিপাঙত পৰিছে আশ্ৰয়দাঁতা পৰিয়ালটি।ঘটনা সংক্ৰান্তত দীনেশ নাথে দৌলাশাল আৰক্ষী চকীক অৱগত কৰিছে যদিও এই পৰ্যন্ত সন্ধান ওলোৱা নাই কিশোৰজনৰ পৰিয়ালৰ। কোনো সদাশয় লোকে কিশোৰজনৰ পৰিচয় জানিলে ৮৪৭২৮৮৮৫৯৭ বা ৯৮৬৪৩৫৫৮০৭ নম্বৰত দীনেশ নাথৰ লগত যোগাযোগ কৰিব পাৰে।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment