নেপালত পুনৰ ভূমিকম্পৰ জোকাৰণি

পুনৰ নেপালত ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৬। বিয়লি ৪.১৬ বজাত পুনৰ ভূমিকম্পই কঁপাই গ’ল নেপাল। এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় দিল্লীতো। দিল্লী এনচিআৰত অনুভূত হয় এই জোকাৰণি।শুকুৰবাৰে নিশাও ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে কঁপাই গৈছিল নেপাল, যাৰ জোকাৰণি দিল্লী–এনচিআৰতো অনুভূত হৈছিল। সেই ভূমিকম্পৰ প্ৰাবল্য আচিল ৬.৪। এই ভূমিকম্পৰ ফলত নেপালত ১৫৭জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৫০জনৰো অধিক আহত হয়। পশ্চিম নেপালৰ প্ৰত্যন্ত অঞ্চলত এশৰো অধিক ঘৰ বিধ্বস্ত হয় এই ভূমিকম্পৰ ফলত।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment