বিজনীৰ উত্তৰাঞ্চলত অব্যাহত আছে বন্য হস্থীৰ তাণ্ডৱ

চিৰাং জিলাৰ বিজনীৰ উত্তৰাঞ্চলত অব্যাহত বনৰীয়া হাতীৰ তাণ্ডৱ। মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে পূৱতি নিশা অঞ্চলটোত তাণ্ডৱ চলায়। ১নং দাৰাঙ্গাৰ ইন্দ্ৰ মোহন মণ্ডলৰ ঘৰ ভাঙি পেলোৱাৰ লগতে চাৰিটা পৰিয়ালৰ বাসগৃহ ভাঙে লগতে তামোলৰ বাগান তচনচ কৰে বনৰীয়া হাতীয়ে ।উক্ত অঞ্চলৰ ভোক্তভুগি পৰিয়ালৰ কাষত চিৰাং জিলা আম আদমি পাৰ্টীৰ এটা সজাতি দ’ল উপস্থিত হৈ বিজনীৰ বিধায়ক গৰাকীক সাধাৰণ জনগণৰ মৌলিক সমস্যাবোৰ সমাধানত গুৰুত্ব আৰোপ কৰিবলৈ অনুৰোধ জনায়।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment