এছিয়াৰ আটাইতকৈ ধনী ব্যৱসায়ী মুকেশ আম্বানীৰ কথা আমি সকলোৱে জানো। মুকেশ আম্বানীৰ বিলাসী জীৱনশৈলীয়ে আমাৰ সকলোৰে দৃষ্টি আকৰ্ষিত কৰে।কিন্তু আপুনি জানি আচৰিত হ’ব যে ভাৰতত মুকেশ আম্বানীতকৈও আন এজন ধনী ব্যক্তি আছিল। কিন্তু পিছত সেই ব্যক্তিজনে ঋণ পৰিশোধ কৰিবলৈ পত্নীৰ গহনা বিক্ৰী কৰিবলগীয়া হৈছিল।কোন এইগৰাকী ব্যক্তি আপুনি জানেনে? বৰ্তমান মুকেশ আম্বানী দেশৰ আটাইতকৈ ধনী ব্যক্তিৰ ভিতৰত এজন । তেওঁৰ মুঠ সম্পত্তি ৮০৮,৭০০ কোটি। কিন্তু এসময়ত মুকেশ আম্বানীৰ ভাতৃ অনিল আম্বানী মুকেশ আম্বানীতকৈও ধনী ব্যক্তি আছিল। সেই সময়ত অনিলৰ সম্পত্তি আছিল ৪২ বিলিয়ন ডলাৰ। কিন্তু এতিয়া ভয়াৱহ আৰ্থিক সংকটত ভুগিছে অনিল আম্বানী ।আচলতে ধীৰুভাই আম্বানীৰ মৃত্যুৰ পিছত আম্বানী পৰিয়ালৰ ব্যৱসায়ৰ সাম্ৰাজ্য দুয়ো ভাতৃৰ মাজত সমানে বিভক্ত হৈছিল। পিতৃৰ মৃত্যুৰ পিছত দুয়ো ভাতৃয়ে ৰিলায়েন্সৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বুলি আশা কৰা হৈছিল যদিও সেয়া নহ’ল। ধীৰু ভাইৰ মৃত্যুৰ দুবছৰৰ ভিতৰতে দুয়ো ভাতৃৰ মাজৰ তিক্ততা পোহৰলৈ আহিল।মাতৃ কোকিলাবেনে পুত্ৰ দুজনৰ মাজত সকলো সম্পত্তি ভাগ কৰি দিলে। তেল শোধনাগাৰ আৰু পেট্ৰ’কেমিকেলৰ ব্যৱসায় মুকেশ আম্বানীৰ হাতত গতাই দিয়াৰ বিপৰীতে অনিলে টেলিকম, বিত্ত আৰু শক্তি ইউনিট লাভ কৰে।ইয়াৰ পিছতে দুয়োজন ভাতৃয়ে ইজনে সিজনৰ লগত প্ৰতিযোগিতা নকৰাৰ চুক্তিত স্বাক্ষৰ কৰে। প্ৰথম অৱস্থাত অনিলৰ ব্যৱসায় ভাল আছিল যদিও ২০০৮ চনত বিশ্বৰ মন্দাৱস্থাৰ বাবে তেওঁ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। দক্ষিণ আফ্ৰিকাৰ কোম্পানী এমটিএনএৰ সৈতে হোৱা চুক্তিত তেওঁ ২ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিছিল আৰু তাত তেওঁ লোকচানৰ সন্মুখীন হৈছিল। ইয়াৰ উপৰিও তেওঁ চীনৰ বেংকৰ পৰা ঋণ লৈ আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। অনিলৰ মুঠ লোকচান আছিল ৪০ বিলিয়ন ডলাৰ। বৰ্তমান তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৭ লাখ ডলাৰ।আনকি ২০২০ চনত তেওঁ নিজকে দেউলীয়া ঘোষণা কৰিছিল। আনকি আইনী গোচৰত পৰিশোধ কৰিবলৈ তেওঁ পত্নীৰ গহনা বিক্ৰী কৰিবলগীয়া হৈছিল। আনহাতে, ২০১০ চনত চুক্তি সম্পূৰ্ণ হোৱাৰ পিছত মুকেশ আম্বানীয়ে টেলিকম খণ্ডত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত ২০১৭ চনলৈকে তেওঁ ২.৫ লাখ কোটি টকা বিনিয়োগ কৰে। মুকেশ আম্বানীৰ এই পদক্ষেপে তেওঁক ভাৰত আৰু এছিয়াৰ অন্যতম ধনী ব্যক্তি হিচাপে গঢ়ি তুলিছিল।